Assamese Female Singer Krishnangi Das

সুকণ্ঠী গায়িকা কৃষ্ণাংগী দাসৰ সৈতে বাৰ্তালাপ

ডান্সৰ পৃথিৱী খন এৰি সংগীতৰ পৃথিৱীলৈ খোজ পেলোৱা সুকণ্ঠী গায়িকা গৰাকীয়ে হৈছে কৃষ্ণাংগী দাস। ই-কাব্যালোচনী মনৰ নিজানত ’ৰ সম্পাদক ৰ লগত হোৱা চমু বাৰ্তালাপত ভালে খিনি প্ৰশ্ন উত্তৰ দিলে গায়িকা গৰাকীয়ে।
আপোনাৰ জন্ম আৰু শিক্ষা জীৱন ক’ত আাৰম্ভ হৈছিলঃ মোৰ জন্ম গুৱাহাটী আাৰু মোৰ স্থায়ী ঘৰ গুৱাহাটীতেই।কিন্তু স্কুলীয়া জীৱন আৰম্ভ কৰিছিলো মংগলদৈত কাৰন দেউতাৰ চাকৰি সুত্ৰে আামি ঘৰৰ সকলো বৰ সদস্যই মংগলদৈ আছিলো। মংগলদৈত স্কুলীয়া জীৱন সমাপ্ত কৰি আহি কলেজীয়া শিক্ষা লৈছিলো পাণ্ডু কলেজত।
সংগীত জগত খনত কেনেকৈ আহিলেঃ মই প্ৰথম অবস্থাত গান গোৱা নাছিলো ডান্স কৰি ভাল পাইছিলো, এবাৰ মই ডান্স কৰিব যাওতে তাত এখন অন্তাক্ষৰী খেল হৈছিলে, সেই অন্তাক্ষৰী খেল খনত মই যোগ দিলো আৰু তাত গানো গাব লাগিছিল আৰু সিদিনা তাত গান গাওতে মোক সকলোৱ প্ৰসংসা কৰিছিল। তেতিয়া ঘৰৰ মানুহে মোক গানৰ স্কুলত নাম লগাই দিলে আৰু মই গান গোৱা আৰম্ভ কৰিলো।
আপুনি কন্ঠ্দান কৰা গীত, এলবামৰ বিষয়ে চমুকে কওকঃ মই ক্লাচ চেভেনত পঢ়ি থাকোতে প্ৰথম এখন অডিঅ’ কেচেট কৰিছিলো ‘মায়াবিনি’। তাৰ পিছত একাদিক্ৰমে কমেডী ভিচিডি কেইখন মানত গালো। তাৰ পিছত মই নিজা হোম প্ৰদাক্সনৰ কাম কৰিলো আৰু এতিয়ালৈ প্ৰায় তেনেকে কাম কৰি আছো, গানৰ ভিডিঅ কেইটামানো ৰিলিজ কৰিছো।
বৰ্তমান কিহত ব্যস্তঃ এতিয়া মই নেপালী গীত এটাৰ কাম কৰি আছো যিটো গান হিন্দীতো ৰিলিজ হ’ব।
আপোনাৰ প্ৰিয় কণ্ঠশিল্পীঃ সুধাকন্ঠ ড0 ভুপেন হাজৰিকা,জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, লতা মংগেশকাৰ, ডলী ঘোষ আৰু বহুতো।
আপোনাৰ প্ৰিয় কবিঃ প্ৰণৱ কুমাৰ বৰ্মন
আপোনাৰ প্ৰিয় লেখিকাঃ ৰঞ্জু হাজৰিকা
আমাৰ ই-কাব্যালোচনী মনৰ নিজানত’ৰ বিষয়ে কি ক’বঃ ভাল লাগিল, এনেকুৱা এখন ই-কাব্যালোচনী ওলালে,নৱ প্ৰজন্মৰ লেখক-লেখিকাই এখন মঞ্চ পাইছে,যিটো খুব দৰকাৰ,  এই কাব্যালোচনী খন যাতে আৰু আগুৱাই যায় লগতে মোক দু-আষাৰ ক’বলে সুযোগ দিলা এনেকুৱা এটা শিতানত, তাৰ বাবে অশেষ ধন্যবাদ।
মনৰ নিজানত’ৰ তৰফৰ পৰা কৃষ্ণাংগী দাসলৈ শুভকামনা থাকিল তেখেতে যাতে আমাক নতুন নতুন গীত উপহাৰ দিয়ে, সংগীত জগত খনত আাৰু সুনাম আনিবলৈ সক্ষম হয়।




Post a Comment

Previous Post Next Post